Logo
image

ই-২০য়ে ৬% মাইলেজ হ্ৰাস কৰিব পাৰেঃ গাডকাৰি

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩০ জুলাইঃ   ই-২০ পেট্ৰ’ল ব্যৱহাৰৰ ফলত বাহনৰ মাইলেজ ৬ শতাংশ পৰ্যন্ত হ্ৰাস পাব পাৰে বুলি অৱশেষত সংসদত স্বীকাৰ কৰিলে কেন্দ্ৰীয় চৰকাৰে৷ বৃহস্পতিবাৰে লোকসভাত লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰিয়ে জনায় যে বাহনৰ ধৰণ, প্ৰযুক্তিগত মান আৰু উৎপাদনৰ সময় অনুসৰি ই-২০ পেট্ৰ’ল ব্যৱহাৰ কৰিলে ইন্ধন খৰচৰ মিতব্যয়িতা [মাইলেজ] ২-৬ শতাংশলৈকে কমিব পাৰে৷ বিগত কেইবামাহ ধৰি বাহনৰ গৰাকীয়ে মাইলেজ হ্ৰাস পোৱা বুলি অভিযোগ উত্থাপন কৰি অহাৰ মাজতে দেশজুৰি বিতৰ্কৰ সৃষ্টি হোৱাৰ সময়ত চৰকাৰৰ এই স্বীকাৰোক্তি বিশেষ তাৎপৰ্যপূৰ্ণ বুলি ধৰা হৈছে৷ অৱশ্যে, একে সময়তে চৰকাৰে দৃঢ়তাৰে দাবী কৰিছে যে ই-২০ পেট্ৰ’লৰ ফলত ইঞ্জিন বিকল হোৱা, অস্বাভাৱিক ক্ষয়, মামৰে ধৰা, যান্ত্ৰিক আয়ুস হ্ৰাস পোৱা অথবা ব্যাপক যান্ত্ৰিক ত্ৰুটিৰ কোনো প্ৰমাণ পোৱা হোৱা নাই৷ গাডকাৰীয়ে কয়, ডাইনামোমিটাৰত ইঞ্জিনৰ স্থায়িত্ব পৰীক্ষা আৰু পথত চলোৱা বিস্তৃত পৰীক্ষাত ই-২০১ বাবে কোনো ইঞ্জিন ব্যৰ্থতা ধৰা পৰা নাই৷ লোকসভাত দাখিল কৰা তথ্য অনুসৰি, অটোমোটিভ ৰিচাৰ্চ এছ’চিয়েশ্যন অৱ ইণ্ডিয়া, ছ’চাইটি অৱ ইণ্ডিয়ান অটোমোবাইল মেনুফেকচাৰাৰ্ছ আৰু ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেডে যৌথভাৱে বিএছ-৩, বিএছ-২৬ আৰু বিএছ-৫ মানদণ্ডৰ দুচকীয়া আৰু চাৰিচকীয়া বাহনত ই-২০ ইন্ধনৰ প্ৰভাৱৰ বিস্তৃত মূল্যায়ন কৰিছিল৷ চৰকাৰে প্ৰকাশ কৰা গৱেষণাৰ ফলাফলত কোৱা হৈছে যে মাইলেজ কিছু হ্ৰাস পালেও ই-২০ পেট্ৰ’লৰ কেইবাটাও সুবিধা আছে৷ ইয়াৰ ভিতৰত আছে বাহনৰ ত্বৰিত গতি বৃদ্ধি, অধিক মসৃণ চলাচল, অধিক সম্পূৰ্ণ দহন আৰু ই-১০ পেট্ৰ’লৰ তুলনাত প্ৰায় ৩০ শতাংশ কম কাৰ্বন নিঃসৰণ৷ চৰকাৰৰ মতে, অধিক ইথানল মিহলি ইন্ধনে পৰিৱেশ দূষণ হ্ৰাস কৰাতো ইতিবাচক ভূমিকা পালন কৰে৷ 


উল্লেখযোগ্য যে, ই-২০ পেট্ৰ’ল প্ৰৱৰ্তনৰ পিছৰে পৰা দেশৰ বিভিন্ন প্ৰান্তত বিশেষকৈ পুৰণি গাড়ীৰ গৰাকীয়ে মাইলেজ কমি যোৱা, ‘মেইনটেনেন্স’ ব্যয় বৃদ্ধি আৰু যন্ত্ৰাংশৰ ওপৰত সম্ভাৱ্য প্ৰভাৱক লৈ উদ্বেগ প্ৰকাশ কৰি আহিছে৷ বিৰোধী দলসমূহেও চৰকাৰৰ ওচৰত বাহনৰ সমস্যাৰ, গ্ৰাহকৰ সুৰক্ষা আৰু কোনো ক্ষতি হ’লে দায়িত্ব কোনে ল’ব–এই প্ৰশ্ন উত্থাপন কৰি আহিছে৷ কিন্তু লোকসভাত গাডকাৰীয়ে স্পষ্টকৈ কয় যে চৰকাৰে বৈজ্ঞানিক তথ্য, ক্ষেত্ৰভিত্তিক পৰীক্ষা আৰু দীৰ্ঘদিনৰ ব্যৱহাৰৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰিয়েই ই-২০ কাৰ্যসূচী ৰূপায়ণ কৰিছে৷ 

চৰকাৰৰ তথ্য অনুসৰি, ভাৰতত ২০০১ চনত পৰীক্ষামূলকভাৱে ইথানল মিহলি পেট্ৰ’ল কাৰ্যসূচী আৰম্ভ হৈছিল৷ ২০০৬ চনত ই-৫ প্ৰৱৰ্তন কৰাৰ পিছত ক্ৰমাগতভাৱে ইথানলৰ অংশ বৃদ্ধি কৰা হয়৷ বৰ্তমান ই-১৫ পেট্ৰ’ল চাৰে তিনি বছৰতকৈ অধিক সময় আৰু ই-১৯-২০ পেট্ৰ’ল আঢ়ৈ বছৰতকৈ অধিক সময় ধৰি দেশজুৰি ব্যৱহৃত হৈ আহিছে৷ গাডকাৰীয়ে জনায় যে এই সময়ছোৱাত ২০ কোটিতকৈ অধিক দুচকীয়া বাহন আৰু ৩ কোটিতকৈ অধিক পেট্ৰ’লচালিত চাৰিচকীয়া বাহন ই-১৫, ই-১৯ আৰু ই-২০ ইন্ধনত চলিছে৷ ইমান বৃহৎ পৰিসৰত ব্যৱহাৰৰ পাছতো ইথানল মিহলি ইন্ধনৰ ফলত ব্যাপকভাৱে ইঞ্জিন বিকল হোৱা, বাহন নষ্ট হোৱা বা অস্বাভাৱিক মামৰে ধৰাৰ কোনো প্ৰামাণ্য তথ্য পোৱা হোৱা নাই৷ বিভিন্ন গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানৰ সেৱা-তথ্যতো ই-২০ৰ বাবে যন্ত্ৰাংশৰ আয়ুস কমি যোৱাৰ কোনো প্ৰমাণ পোৱা নগ’ল বুলি তেওঁ উল্লেখ কৰে৷ আনকি ই-২০ ব্যৱহাৰ কৰা বাহনৰ ক্ষেত্ৰতো নিৰ্মাতা প্ৰতিষ্ঠানসমূহে পূৰ্বৰ দৰেই ৱাৰেণ্টি সুবিধা অব্যাহত ৰাখিছে বুলিও কেন্দ্ৰই জনায়৷ 

তাৎপৰ্যপূৰ্ণ এয়াই যে, ইয়াৰ পূৰ্বে চৰকাৰে সংসদতে স্বীকাৰ কৰিছিল যে ২০০৫ চনৰ ৰ এপ্ৰিলৰ পৰা প্ৰৱৰ্তিত বি এছ -৩ মানদণ্ডৰ আৰু ২০১৬ চনৰ আগতে নিৰ্মিত কিছুমান পুৰণি বাহনত থকা কিছুমান ৰববৰ অংশ আৰু গেছকেট সলনি কৰাৰ প্ৰয়োজন হ’ব পাৰে৷ অৱশ্যে সেই কাম নিয়মীয়া ছাৰ্ভিচিঙৰ সময়তে সহজে কৰিব পাৰিব বুলি চৰকাৰৰ দাবী৷ চৰকাৰে ইথানল মিহলি পেট্ৰ’ল কাৰ্যসূচীক কেৱল পৰিবেশ সুৰক্ষাৰ পদক্ষেপ হিচাপে নহয়, দেশৰ শক্তি-সুৰক্ষা, খাৰুৱা তেল আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস, বৈদেশিক মুদ্ৰা সঞ্চয়, কৃষকৰ আয় বৃদ্ধি আৰু ইন্ধনৰ মূল্যৰ স্থিতিশীলতাৰ বাবে এক কৌশলগত বিনিয়োগ বুলিও অভিহিত কৰিছে৷ চৰকাৰৰ মতে, পশ্চিম এছিয়াৰ সাম্প্ৰতিক সংঘাতৰ ফলত বিশ্ববজাৰত খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পালেও দেশীয়ভাৱে উৎপাদিত ইথানলৰ ব্যৱহাৰ বৃদ্ধি হোৱাৰ বাবে ভাৰতত পেট্ৰ’লৰ মূল্যবৃদ্ধিৰ চাপ যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণত ৰাখিব পৰা গৈছে৷